তুমি বিহীন মোৰ উজাগৰী নিশা শব্দৰ সৈতেই খেলো নৱ নৱ খেলা Saddam Hussain

তুমি বিহীন মোৰ উজাগৰী নিশা শব্দৰ সৈতেই খেলো নৱ নৱ খেলা Saddam Hussain ▌║││█║▌║║▌© Official Page™ ✔Verified by Facebook that this is original Page √ Vrfyd page @+[233750730163890:] + rmve
0 93
SHARE WITH OTHERS
See new updates

▌║││█║▌║║▌© Official Page™ ✔Verified by Facebook that this is original Page

√ Vrfyd page @+[233750730163890:]

+ rmve

Latest Updates

Get upto Rs 10 Free PayTM Cash everyday just download with this link
Click Here
and use these referral code 1GG6NE and install any one app.

   Over a month ago
SEND

মৰমৰ নীলা তোমালৈ একলম
---------------------------------

নীলা তোমাৰ ওচৰত বহু ঋণী মই গোটেই জীৱন যেনেকে ঋণী মা আৰু দেউতাৰ ওচৰত ৷

ফুলৰ তাত মৌ- মাখীবোৰ ;
বায়ুৰ তাত সাগৰৰ বুকুত খেলা পানীৰ ঢৌ যিমান ঋণী ভগৱানৰ শপত নীলা তোমাৰ ওচৰত মই ও সিমান ঋণী ৷

তোমাৰ বুকুতে বুকু থৈছিলো বাবেই মই পবিত্র আজি ৷
তোমাৰ প্রেমৰ প্রথমজাক বৰষুণত তিতিছিলো বাবেই মই বিশুদ্ধ আজি ৷
যৌৱনৰ এই তৃষ্ণাকাতৰ কোমলীয়া জিভাখন এক নিশাত কোসুমীয়া গৰম তোমাৰ মূখত অলপ সময় আছিল বাবেই সভ্য হ'ল আজি ৷

আঙুলী দি তোমাৰ আঙুলী চুইছিলো বাবেই মোৰ আঙুলীত আজি সুৰ আহিছে ৷

তোমাক পাহৰিব নোৱাৰো কাৰণেই তোমাৰ নামত কবিতা লিখি তোমাৰ প্রতি থকা মোৰ মৰম ভালপোৱা প্রকাশ কৰো ৷

নাৰী - খেলৰ অভিজ্ঞতাৰ প্রথম আৰু পবিত্র ঋণ তুমিয়ে আছিলা ৷
তোমাক লৈ কবিতা লিখি সেই প্রথম আৰু পবিত্র ঋণ সচাঁয়ে কি আজি শোধ কৰিব পাৰিছো নে মই ?
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাওঁ অসম ৷

   Over a month ago
SEND

এদিন এজন ল'ৰাই কিবা এটা কাৰণত আত্মহত্যা কৰিব বিচাৰিলে ৷
কিন্তু সি আত্মহত্যা কৰাৰ আগত দুটা বার্তা পঠিয়ালে ৷
প্রথমখন বার্তা তাৰ প্রেমীকাক আৰু দ্বিতীয়খন বার্তা তাৰ এজন বন্ধুক পঠিয়ালে ৷

" মই গৈ আছো সোনকালে উত্তৰ দিয়া ৷"

অলপ পিছতেই তাৰ প্রেমীকাৰ বার্তাৰ উত্তৰটো আহিল ৷

প্রেমীকা :- অ্ ! যোৱা ৷
মই অলপ ব্যস্থ আছো ৷
পিছত কথা পাতি আছো তোমাৰ লগত ৷

এয়া দেখি ল'ৰাজনৰ মনটো আৰু বেয়া হৈ গ'ল ৷
ঠিক সেই সময়তে তাৰ বন্ধুৰ বার্তাৰ উত্তৰটো আহিল ৷

বন্ধু :- তই মোক এৰি ক'ত গৈ আছো ?
অলপ সময় ৰ ৷
মই ৫ মিনিটৰ ভিতৰত তহঁতৰ ঘৰত আহি আছো ৷

বার্তাখন পঢ়ি ল'ৰাজন হাহিঁলে ৷
আৰু মনে মনে ভাৱিলে ,
" আজিও প্রেম বন্ধুত্বৰ ওচৰত পৰাজয় হ'ল ৷
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম ৷

   Over a month ago
SEND

তৃতীয় শ্রেণীত পঢ়া এজনী ছোৱালীয়ে এদিন তাইৰ দেউতাকক ক'লে ৷

ছোৱালী :- দেউতা আজি নহয় মোক স্কুলত বাইদেউৱে সুধিলে
" তোমাৰ দেউতায়ে কি কৰে ?"

দেউতা :- তেতিয়া তুমি কি উত্তৰ দিছা মামনি ৷

ছোৱালী :- মই ক'লো , মোৰ দেউতাকে চকলেটৰ ফ্যাক্টৰিত কাম কৰে সেয়ে ঘৰত অহাৰ সময়ত সদায় মোৰ কাৰণে চকলেট লৈ আহে ৷
মোৰ দেউতাকে আইস্ক্রিমৰ দোকানত ও কাম কৰে কাৰণ মই যেতিয়াই যি আইস্ক্রিম খাব বিচাৰো সেয়াই আনি দিয়ে ৷
মোৰ দেউতাকৰ এখনি পুতলাৰ দোকান ও আছে তাৰ পৰা দেউতাকে মোৰ কাৰণে টেডিবিয়াৰ লৈ আহে ৷
দেউতাকে আপোনাৰ নিচিনা শিক্ষয়েত্রীৰ ও কাম কৰে আৰু মোক হোমঅর্ক কৰাত সহায় কৰে ৷
মোৰ দেউতাকে গোটেই দিন বহুত কষ্ট কৰে ৷
মই ঠিক কলো নে দেউতা ?

ছোৱালীজনীৰ কথা শুনি দেউতাকে তাইক সাৱটি ধৰিলে আৰু কলে ……
" অ মামনি ঠিকে কৈছা ৷"
ছোৱালীবোৰ যিমানে ডাঙৰ নহওঁক কিয় সিহঁত সদায়ে দেউতাকৰ ৰাজকন্যা হৈ থাকে ৷
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম ৷

   Over a month ago
SEND

তোমাৰ ওপৰত মোৰ নাই কোনো খং ,
নাই কোনো অভিমান ,
নাই কোনো অভিশাপ ৷
ভালপোৱা মানে অকল কাষত পোৱা নহয় ৷
নাইবা নহয় গোটেই জীৱন একেলগে থকা ৷
ভালপোৱা মানে হ'ল ভালপোৱা মানুহজনীৰ ভাল বিচৰা তাইৰ সুখত নিজৰ সুখ বিচাৰি পোৱা ৷

সেয়ে তোমাক হেৰুৱাই ও তোমাৰ ভাল বিচাৰিছো তোমাৰ সুখৰ চিন্তা কৰিছোঁ আগতকৈওঁ বেছি ভালপাইছোঁ ৷
নাভাৱিবা তোমাক পাহৰি গৈছো নাইবা মই স্বার্থপৰ হৈ গৈছো ৷
মই তোমাক বহুত ভালপাইছো ,
ভালপাওঁ আৰু এনেকৈয়ে গোটেই জীৱন ভালপাই থাকিম ৷
তুমি যিমান দূৰত যাব বিচৰা যাব পাৰা মই তোমাক আৰু বাধা নিদিওঁ ৷
তুমি য'ত গৈ সুখী হোৱা তাত গুছি যোৱা ৷
নাভাৱিবা তোমাৰ ৰঙীণ জীৱনত ক'লা ছাঁ হৈ আহিম ৷
নাইবা তোমাক আগৰ নিচিনাকৈ বিৰক্ত কৰিম অভিমান ভাঙি উভতি অহাৰ কাৰণে ৷

কিন্তু তুমি আজিও আছা মোৰ হৃদয়ত আৰু এনেকৈয়ে থাকিবা গোটেই জীৱন ৷
নিজকে পাহৰি যাব পাৰো কিন্তু তোমাক পাহৰিব নোৱাৰো ৷
প্রতিটো মহূর্ত তোমাৰ কথা মনত পৰি থাকে ৷
যদি পাৰা মোক আৰু কন্দোৱাই যোৱা তথাপিওঁ
তুমি সুখত থাকা ৷
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম ৷

   Over a month ago
SEND